Assam Class 9 Social Science Question Answer Chapter 1

অৰ্থনীতিৰ মৌলিক বিষয়সমূহ


অতি চমু উত্তৰৰ প্রশ্নঃ


১ । অর্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে ?

উত্তৰঃ অৰ্থনীতি শব্দটো গ্ৰীক শব্দ `Oikonomia' ৰ পৰা অনা হৈছে।


২ । অর্থনীতি শব্দটো কোনটো শব্দৰ পৰা লােৱা হৈছে ?

উত্তৰঃ  অৰ্থনীতি শব্দটো 'Oikonomia' ৰ শব্দৰ পৰা লোৱা হৈছে।


৩ । অর্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন ?

উত্তৰঃ অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ হ'ল এডাম স্মিথ।


৪ । অর্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল ?

উত্তৰঃ অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো এডাম স্মিথে আগবঢ়াইছিল।


৫। অর্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল ?

উত্তৰঃ অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কেম্ব্ৰিজ অৰ্থনীতিবিদ মাৰ্ছেলে আগবঢ়াইছিল।


৬ | অর্থবিজ্ঞানৰ দুষ্প্রাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল ?

উত্তৰঃ অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো লায়'নেল ৰবিন্সে আগবঢ়াইছিল।


৭ । এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?

উত্তৰঃ এডাম স্মিথে  'An Enquiry into the Nature and Causes of the Wealth of Nations' ত ১৭৭৬ চনত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল।


৮ । আলফ্রেড মাৰ্ছেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?

উত্তৰঃ আলফ্ৰেড মাৰ্ছেলে  'Principles of Economics' ত   ১৮৯০ চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল।


৯ । লায়’নেল ৰবিন্সে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?

উত্তৰঃ লায়'নেল ৰবিন্সে 'An Essay on the Nature and significance of Economic Science' ত ১৯৩২ চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল।


১০ । এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল ?

উত্তৰঃ এডাম স্মিথৰ সংজ্ঞাটোক কাৰ্লাইল আৰু ৰাস্কিনে যক্ষৰ বাণী বুলি কৈছিল।


১১ । দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছে ?

উত্তৰঃ দক্ষতাৰ ওপৰত গুৰুত্ব দি ছেমুৱেলছন আৰু নৰ্দহাছে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছে।


১২ । কোনাে বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয় ?

উত্তৰঃ কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বুলি কোৱা হয়।


১৩ । উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয় ?

উত্তৰঃ উৎপাদনৰ উৎপাদিত আহিলাক মূলধন বুলি কোৱা হয়।


১৪ । 'Micro ' আৰু  'Macro' শব্দ দুটা কোন দুটা শব্দৰ পৰা লােৱা হৈছে ?

উত্তৰঃ 'Micro' শব্দটো গ্ৰীক শব্দ 'Mikros' ৰ পৰা আহিছে যাৰ অৰ্থ হ'ল `সৰু'।


চম উত্তৰৰ প্ৰশ্নঃ 


১। এডাম স্মিথৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।

উত্তৰঃ 'অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান' "Economics is the Science of Wealth" ।


২। মাৰ্ছেল অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।

উত্তৰঃ মাৰ্ছেলৰ মতে, অর্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল   'মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নেই হৈছে অৰ্থনীতি' ।  ই ব্যক্তিগত আৰু সামাজিক কার্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে , যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত । 

৩ ।  ৰবিন্সৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।

উত্তৰঃ ৰবিন্সৰ মতে, অর্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল 'যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা (লক্ষ্য) আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ (উপায়) মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি'।


৪। ছেমুৱেলছন আৰু নৰ্দহাছৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।

উত্তৰঃ ছেমুৱেলছন আৰু নৰ্দহাছৰ মতে, অর্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল 'দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ'ল অৰ্থনীতিৰ মূল বিষয়'।


৫। ৰবিন্সৰ অর্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি কি ?

 উত্তৰঃ  ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা হ'লঃ

ক) মানুহৰ অভাৱ অসীম।

খ) অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত।

গ) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য।


৬ । ব্যষ্টিবাদী অর্থবিজ্ঞান কাক বােলে ?

উত্তৰঃ ব্যষ্টিবাদী অৰ্থনীতিয়ে ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগুটীয়াকৈ আলোচনা কৰে। এজন ভোক্তা, এজন উদ্যোক্তা বা এখন উদ্যোগিক প্ৰতিষ্ঠান, এখন বজাৰ, এজন ঋণদাতা, এজন সঞ্চয়কাৰীৰ অৰ্থনৈতিক আচৰণ ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত।


 ৭ । সমষ্টিবাদী অর্থবিজ্ঞান কাক বােলে ?

উত্তৰঃ এখন দেশত অৰ্থনীতিৰ সামগ্ৰিক আচৰণ অৰ্থাৎ সকলোবোৰ ভোক্তা, উপভোক্তা আদিৰ আচৰণ সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভুক্ত। দেশ এখনৰ জনসংখ্যা, নিয়োগ, ঔদ্যোগিকৰণ, কৃষি ইত্যাদিৰ অধ্যয়ন সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভুক্ত।


 ৮ । আর্থিক বস্তু আৰু অনাআর্থিক বস্তুৰ পার্থক্য লিখা ।

উত্তৰঃ আৰ্থিক বস্তুবোৰৰ যোগান চাহিদাতকৈ সীমিত। সেয়েহে এনে বস্তুৰ দৰ বা দাম থাকে। উদাহৰণস্বৰূপে - বিজুলীৰ পোহৰ, খাদ্য, বস্ত্ৰ আদি আৰ্থিক বস্তু।

                আনহাতে,

 অনাআৰ্থিক বস্তুবোৰ হৈছে প্ৰকৃতিৰ মুক্ত দান। যেনে - সূৰ্যৰ তাপ, বতাহ, বৰষুণৰ পানী ইত্যাদি।


৯ । ৰাষ্ট্ৰীয় আয় কাক বােলে ?

উত্তৰঃ এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মূদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয় বোলে । 


১০।  জনমুৰি আয়ৰ সূত্ৰটো লিখা ।

উত্তৰঃ এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাকে দেশখনৰ জনমূৰি আয় বুলি কোৱা হয়।

Post a Comment

0 Comments